ময়ো এদিন ওলাইছিলোঁ সাগৰলৈ…

Joyjayanta Saharia
1 min readJun 27, 2021

My journey to a new horizon…..

Source of Image: Unsplash

ময়ো এদিন ওলাইছিলোঁ সাগৰলৈ
এখন নাও আৰু এটা সপোন লৈ
বিলীন হৈছিল উপকূল
অজানিতে
নীল আকাশত
দূৰ দিগন্তত

নিসংগতা আছিল মোৰ
অচিনাকি সংগ
আৰু আছিল
এখনি নীলা আকাশ
এখনি বিশাল
নীলা সাগৰ

অন্ত হৈছিল দিনবোৰৰ
দিগন্তৰ ভাগৰুৱা
হেঙুলীয়া সূৰুযৰ সতে
ৰূপালী সন্ধিয়াৰ তৰালিৰ তলত
শীতল জোনাকীৰ পৰশত
শুই পৰোঁ মই
এখন অক্লান্ত হৃদয়
আৰু এটা সপোন লৈ….

Below is an attempt to translate the above lines from Assamese to English with a request…… forgiveness for the shortfall ….

I also set to sea
one day
long ago
with a dream
and on a boat
the shore left me
unaware
merging in the blue sky
in the distant horizon
the silent sky
the sea
and loneliness
were my company
days ended
crawling and climbing waves
with the tiring sun
over the crimson
I close my eyes
under the silver shroud
with the touch of moonlight
I sleep
with an untiring heart
with my unbroken dream…..

--

--